নমস্কাৰ পাঠকসকল!
নিবনুৱাজ.comৰ এইটো প্ৰথম article ৷ আপোনালোকক বিভিন্ন চাকৰিৰ খবৰসমূহ সোনকালে দিবলৈ আমি সদায় চেষ্টা কৰি আহিছো ৷ জীৱনত আগবাঢ়ি যাওঁতে আমিবোৰে প্ৰায়েই আক্ষেপ কৰো, "চেঃ কোনোবাই যদি আমাক সঠিক ৰাস্তাটো দেখালেহেঁতেন…"
হয়, প্ৰতিযোগিতাৰ এই ক্ষেত্ৰখনত থিয় হৈ আমি বহুতেই হয়তো কেতিয়াবা হতাশ হৈছো, অথবা সঠিক ৰাস্তাৰ সন্ধান নোপোৱাৰ বাবে ভাগ্যক দোষিছো ৷ সেইবাবেই আমি ভাবিলো, এই অভাৱ আঁতৰোৱা যাওক ৷ আৰু Nibonuazz.comৰ ফালৰ পৰা কেৰিয়াৰ সন্দৰ্ভত বিভিন্নধৰণৰ তথ্যবোৰ আমাৰ articleসমূহত প্ৰকাশ কৰিম বুলি সিদ্ধান্ত ল'লো ৷
আজিৰ শিতানত আমি আপোনালোকক জনাম অসম লোকসেৱা আয়োগে আয়োজন কৰা CCE(COMBINED COMPETITIVE EXAMINATION) নামৰ পৰীক্ষাটোৰ বিষয়ে ৷
এই পৰীক্ষাৰ গুৰুত্ব এইকাৰণেই বেছি, কাৰণ এই পৰীক্ষাৰ দ্বাৰাই অসমৰ উচ্চপদ সমূহত নিযুক্তি দিয়া হয় ৷ এই পদসমূহেই আমাৰ অসমৰ মূল চালক বুলি ক'লেও হয়তো ভুল নহ'ব ৷ এই পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰতিজন ব্যক্তিৰ পদমৰ্যদা সমাজত অতি উচ্চ ৷
এই বিশেষ পদসমূহ হ'লঃ
1) অসম অসামৰিক সেৱা (Assam Civil Service, ACS)
2) অসম ভুমি আৰু ৰাজহ সেৱা( Assam Land and Revenue Service)
3) অসম আৰক্ষী সেৱা(Assam Plolice Service)
4) শ্ৰম বিষয়া (Labour Officer)
5)কৰ অধিক্ষক (Superintendent of Taxes)
6) আবকাৰী অধিক্ষক (Superintendent of Excise)
7)সহকাৰী সমবায় পঞ্জীয়ক ( Assistant Register of Co-operative Societies)
8)জিলা পৰিবহণ বিষয়া (District Transport Officer)
9)শ্ৰম পৰিদৰ্শক (Inspector of Labour)
10)কৰ পৰিদৰ্শক ( Inspector of Taxes)
11) আৱকাৰী পৰিদৰ্শক ( Inspector of Excise)
12) জ্যেষ্ঠ সমবায় পৰিদৰ্শক/ নিৰীক্ষক(Senior Inspector/Auditor of Co-operative Society)
13) সহকাৰী নিয়োগ বিষয়া (Assistant Employment Officer)
14) খণ্ড উন্নয়ন বিষয়া (Block Development Officer)
15) সম্প্ৰসাৰণ বিষয়া (Extension Officer)
16) অতিৰিক্ত পঞ্জীয়ক (Sub-Register)
17)শিশু উন্নয়ন প্ৰকল্প বিষয়া (Child Development Project Officer)
18) Inspector of Legal Metrology
19) সহকাৰী উদ্যোগ প্ৰৱন্ধক (Assistant Manager of Industries) আদি ৷
নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে এই CCE আয়োজন কৰিয়েই উক্ত পদবী সমূহ ভৰ্ত্তি কৰা হয় ৷ ইয়াৰ বাবে প্ৰাৰ্থী স্নাতক হোৱাটো অত্যন্ত প্ৰয়োজনীয় ৷
আহকচোন এতিয়া এই পৰীক্ষাটোনো কেনেকুৱা ধৰণৰ, তাৰ আভাস লওঁ !
এই পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হয়ঃ
১) প্ৰাথমিক পৰ্যায়(বস্তনিষ্ঠ/objective)
২) চূড়ান্ত পৰ্যায়(written/লিখিত আৰু মৌখিক)
১)প্ৰথমিক পৰ্যায়: ২০১৯চনত এই প্ৰাথমিক পৰ্যায়ৰ পৰীক্ষাৰ নিয়মৰ কিছু সালসলনি কৰা হৈছে ৷ নতুন সংশোধনীৰ মতে, এই প্ৰাথমিক পৰ্যায়ৰ পৰীক্ষাত দুখন কাকত থাকিব ৷
কাকত 1 আৰু কাকত -2 ৷
কাকত-1(সাধাৰণ অধ্যয়ণ)
কাকত-1ৰ সৰ্বমুঠ নম্বৰ থাকে: ২৹৹ ৷ সময়:২ ঘন্টা ৷
প্ৰশ্নকাকতত অন্তৰ্ভূক্ত হৈ থকা বিষয়সমূহ হ'লঃ
1)Current events of national and international importance ( গুৰুত্বপূৰ্ণ ৰাষ্টীয় আৰু আন্তঃৰাষ্ট্ৰীয় সমসাময়িক ঘটনাপঞ্জী)
2) History of India and Indian National Movement(ভাৰতৰ ইতিহাস আৰু ভাৰতীয় ৰাষ্ট্ৰীয় আন্দোলন )
3) India and world Geography(ভাৰত আৰু পৃথিৱীৰ ভূগোলঃ ভৌতিক, সামাজিক আৰু অৰ্থনৈতিক ৷)
4) Indian Polity and Goverance (ভাৰতৰ ৰাজনীতি আৰু শাসন ব্যৱস্থা)
5) Economic & Social Development (অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন)
6) Environmental Science (পৰিৱেশ বিজ্ঞান)
7) General Science (সাধাৰণ বিজ্ঞান ৷)
কাকত-2(সাধাৰণ অধ্যয়ণ)
1)Comprehension
2)Interpersonal Skill, Communication skills
3)Logical Reasoning and analytical ability
4) Decision Making and problem solving
5) General Mental Ability
6)Basic Numeracy
আগতে কাকত-2ৰ বিষয় ঐচ্ছিক(optional) আছিল ৷ এতিয়া সংশোধন কৰি সকলোৰে বাবে কাকত 2খন উমৈহতীয়া কৰা হৈছে ৷
এতিয়া আহোঁ চূড়ান্ত পৰ্যায়ৰ পৰীক্ষালৈঃ
চূড়ান্ত পৰ্যায়ৰ পৰীক্ষাও আকৌ দুই ভাগত বিভক্তঃ
X) কেৱল যোগ্যতা আহৰণৰ বাবে( ইয়াত প্ৰাপ্ত নম্বৰে ফলাফলত কোনোধৰণৰ প্ৰভাৱ নেপেলায় ৷ উত্তীৰ্ণ হোৱাটোহে জৰুৰী ৷)
এই কাকতকেইখন মূলতঃ ভাষাভিত্তিক
i)মাতৃভাষা(অসমীয়া/বড়ো/বাংলা)(300)
ii)ইংৰাজী(300)
Y) ফলাফল নিৰ্ধাৰণৰ বাবে( নম্বৰ ফলাফল নিৰূপনত ব্যৱহৃত হ'ব)
কাকতসমূহ হ'লঃ
i)ৰচনা(250)
ii) সাধাৰণ অধ্যয়ণ( ভাৰতৰ বুৰঞ্জী, ঐতিহ্য, সংস্কৃতি, সমাজ আৰু ভাৰত আৰু পৃথিৱীৰ ভূগোল)(250)
iii)সাধাৰণ অধ্যয়ণ-2(শাসন, সংবিধান, ৰাজনীতি, সামাজিক ন্যায়, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক)(250)
iv)সাধাৰণ অধ্যয়ণ-3( প্ৰযুক্তি, অৰ্থনৈতিক উন্নয়ন, জৈৱ বৈচিত্ৰতা, সুৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনা)(250)
v)সাধাৰণ অধ্যয়ণ-4( নীতি, অখণ্ডতা, ক্ষমতা)(250)
vi) অসম(250)
vii)ঐচ্ছিক বিষয়(paper-1)(250)
viii) ঐচ্ছিক বিষয়(paper-2)(250)
vii) আৰু viii) কাকত কেইখনৰ বাবে আমি নিজৰ পচণ্ড অনুসাৰে বিষয় এটা লব লাগে ৷ এই কাকত দুখনৰ বাবে এটা ঐচ্ছিক বিষয় প্ৰাৰ্থীজনে বাচনি কৰিবলগীয়া হয় ৷
ঐচ্ছিক বিষয়সমূহ হ'লঃ
|
|
সাক্ষাৎকাৰৰ মুঠ নম্বৰঃ ২৭৫
চাকৰিৰ বাবে আৱেদন অনলাইন যোগে কৰা হয়ঃ
গতিকে, প্ৰিয় পাঠক, আজিৰ আমাৰ এই লেখাটোৱে আপোনালোকক নিশ্চয়কৈ সহায় কৰিব ৷ আপোনাৰ জীৱনটো সাফল্যমণ্ডিত হওঁক, তাৰেই আশা কৰিলো ! অনাগত দিনত আকৌ আহি উপস্থিত হ'ম অন্য এটি কেৰিয়াৰৰ তথ্যৰ সৈতে…
পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব দেই ! লগতে আমাৰ ফেচবুক পেজটো লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ! নিজেও জানক, আনকো জনাওক ৷ ধন্যবাদ

إرسال تعليق